মঙলদৈঃ বিদ্ৰোহী সংগঠন আলফাৰ নেতা-কেডাৰক বিচৰাৰ নামত সহজ-সৰল অসমীয়াক হাৰাশাস্তি কৰাটো নতুন কথা নহয়৷ জকাইচুকৰ আবাল-বৃদ্ধ-বনিতা-ডেকাই বন্দুকৰ কুণ্ডাৰ কোব খাই জীৱন ঘূণীয়া কৰাৰ অসমত অলেখ উদাহৰণ আছে৷ অসমৰ জীয়ৰীক আলফা বিচৰাৰ নামত ধৰ্ষণ কৰাৰো উদাহৰণ অসমত আছে৷
বহু মাতৃয়ে পুত্ৰ হেৰুৱাই বুকু উদং কৰিছে, বহু অসমীয়া নাৰীয়ে কপালৰ ফোঁট মচিবলগীয়া হৈছে আলফাৰ তথাকথিত সংগ্ৰামৰ বাবে৷ অসমৰ বহু পৰিয়ালক আজিও বছৰেকত নতুবা মাহেকত এবাৰ হ’লেও সেনা-আৰক্ষীয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰাৰ উদাহৰণ আছে যদিও প্ৰাণৰ সংশয়ত যেন সকলো সহি যায় সহজ-সৰল এই পৰিয়ালবোৰে৷