49
মঙলদৈঃ শিকলিৰে বন্ধা বন্দীত্বৰ জীৱন কাৰো বাবে সুখকৰ নহয়৷ যেতিয়া ১২ বছৰীয়া নিজ সন্তানক শিকলিৰে বান্ধি দিন অতিবাহিত কৰিব লগা হয় তেতিয়া সেই যন্ত্ৰণা কেনেধৰণৰ হয় সেয়া ভূক্তভোগীয়ে বুজিব পাৰে৷
নিজ সন্তানক সুস্থ সবল শৰীৰৰ গৰাকী কৰিবলৈ পিতৃ-মাতৃয়ে বহু কষ্ট কৰে৷ দিনৰ দিনটো দুগ্ধ পান কৰাৰ পৰা চাফ চিকুণকৈ ৰখালৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে৷ নিজ সন্তানটোৰ শৰীৰটো অকণমান গৰম হ’লে তত নাইকীয়া হয় পিতৃ-মাতৃৰ৷