তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীত এটি দৰিদ্ৰ পৰিয়ালৰ কিশোৰ এজন আৰ্থিক অনগ্ৰসৰতাৰ বাবে দীৰ্ঘদিন ধৰি সু-চিকিত্সাৰ পৰা বঞ্চিত হৈ বন্দীত্বৰ জীৱন কটাই অহা ঘটনা পোহৰলৈ আহিছে৷ পোহনীয়া জীৱ-জন্তুৰ দৰে ৰছীৰ বান্ধোনত শৈশবৰ দেওনা অতিক্ৰম কৰা কিশোৰ সন্তানটিক উপযুক্ত চিকিৎসা কৰাবলৈ অপৰাগ পৰিয়ালটোৱে এনেদৰে কয়দীৰ দৰে ৰাখিবলৈ বাধ্য হৈছে।
এনে এক অমানবীয় কাণ্ডৰ বলি হৈ অহা কিশোৰ জন হৈছে দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা নুৰুল আমিনৰ ১৭ বছৰীয়া পুত্ৰ আনোৱাৰ হুছেইন৷