মাজুলীঃ সাংস্কৃতিক ৰাজধানী মাজুলীত সামাজিক-সাংস্কৃতিক উত্তৰণৰ উদ্দেশ্যে গঠন হ’ল ‘পদক্ষেপ’ নামৰ এটি অনুষ্ঠানৰ।
মূলতঃ সমাজৰ সকলো ক্ষেত্ৰৰ লোকসকলৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে গঠন হোৱা পদক্ষেপত সাহিত্যিক-শিক্ষক প্ৰবীন কুমাৰ দত্ত, সমালোচক-সাহিত্যিক কুলেন্দ্ৰ নাথ ডেকা, কবি-সমালোচক জয়ন্ত হাজৰিকা, শিক্ষাবিদ বিষ্ণু প্ৰসাদ দেউৰী, নবীন শইকীয়া, স্বভাব কবি পদুম সিং ৰাজপুট, ডা০ ৰম্য পেগুৰ দৰে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আজি জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পদক্ষেপৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়৷