ডিজিটেল ৰিপ'ৰ্টঃ "ছাৰ, এবাৰলৈ আমাকো মাতক। ৰাইজৰ কাঠগঢ়াত মুখামুখি হওঁ। প্ৰথমতেই কও আপুনি একো বেয়া কাম কৰা নাই। কিছুমান কথা জনসাধাৰণৰ আগলৈ এনেকৈ আহিব লাগে। কিন্তু বেয়া লাগিল এটা কথাত যে প্ৰশ্ন আপুনি সুধিলে আৰু তেওঁলোকে উত্তৰ দিলে (তাকো অধিক সময়ত মৌনতাৰে)। তেওঁলোকৰ মাজৰ এজনেও মূৰ দাঙি আপোনাক এটাও প্ৰশ্ন নুসুধিলে।" এনেদৰে শিক্ষামন্ত্ৰীলৈ লিখা এখন মুকলি চিঠি এতিয়া অসমত ভাইৰেল হৈ পৰিছে৷

নিজকে নিতুপন কুমাৰ ডেকা আৰু প্ৰাথমিক পৰ্যায়ৰ টেট শিক্ষক বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীলৈ লিখা উক্ত চিঠিখন ভাইৰেল হৈ পৰিছে হোৱাটছএপ আৰু ফেচবুকত। ৰাজ্যৰ হোৱাটছএপ, ফেচবুক ব্যৱহাৰকাৰীসকলে এই চিঠিখন শ্বেয়াৰ কৰাৰ লগতে লাইক, কমেন্ট কৰাও দেখা গৈছে৷

♦ ছাৰ, আমাকো মাতক... ছ'চিয়েল মিডিয়াত ভাইৰেল এখন চিঠি

শতাধিক হাইস্কুলৰ প্ৰধান শিক্ষকক ছেবাৰ কাৰ্যালয়লৈ মাতি নি সংবাদমাধ্যম যোগে সম্প্ৰচাৰিত কৰি অপমান কৰা বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে এই চিঠিখন ভাইৰেল হৈ পৰিছে৷ শিক্ষকৰ সৈতে মুখামুখি অনুষ্ঠানটো চাই বিভিন্নজনে বিৰোধিতা কৰিবলৈ যোৱাৰ লেখিয়াকৈ বিৰোধিতা কৰিবলৈ যোৱা নাই বুলিও লেখকে উল্লেখ কৰে চিঠিখনত। তেওঁ চিঠিখনত আৰু কয়, "সেইবাবেই মুকলিকৈ কৈছো ছাৰ, এবাৰলৈ আমাকো মাতক, ৰাইজৰ কাঠগড়াত মুখামুখি হওঁ।"

শিক্ষামন্ত্ৰীয়ে বিদ্যালয়ৰ ফলাফল বেয়া হ'লে আকৌ সেই বিদ্যালয়কেইখনখন অপ্ৰাদেশীকৃত পৰ্য্যায়লৈ লৈ যাব বুলি কোৱা কথাষাৰক উভতি ধৰি চিঠিখনৰ লেখকে প্ৰশ্ন কৰিছে, "আপুনি দেখোন মহানগৰ উন্নয়ন মন্ত্ৰী।এজাক বৰষুণত আজিও মহানগৰীৰ আভিজাত্য পানীত ডুব যায়, ঘৰৰ মূধচ পানীয়ে ডুবায়। শিক্ষকসকল যদি ছাত্ৰ-ছাত্ৰী কৃতকাৰ্য কৰোৱাত ব্যৰ্থ, আপুনি মহানগৰ উন্নয়নত ব্যৰ্থ। শিক্ষকসকলৰ বিদ্যালয় যদি পুনৰ অপ্ৰাদেশীকৃত পৰ্য্যায়লৈ যায়, আপোনাৰ মহানগৰ উন্নয়নৰ মন্ত্ৰী হৈ থকাৰ যোগ্যতা ক'ত?" 

শিক্ষামন্ত্ৰীৰ অহংকাৰ, দাম্ভিকতাৰ কথাও উল্লেখ কৰি পত্ৰ লেখকজনে লিখিছে, " আপুনি তেওঁলোকক কৈছে, অহাবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়ৰ ফলাফল ভাল হ’ব বুলি লিখিত দিয়ক৷  ফলাফল বেয়া হ'লে বিদ্যালয় পুনৰ অপ্ৰাদেশীকৃত কৰি দিব। তেওঁলোক নিমাত। সেয়েহে কৈছো, এদিন আমাক মাতক ছাৰ। আমি তেনেকুৱা প্ৰশ্নৰ উত্তৰত আপোনাক সুধিম অহা বছৰ এজনীও গৰ্ভৱতী মহিলা চিকিৎসাৰ অভাৱত মৃত্যুবৰণ নকৰে বুলি লিখিত দিয়ক৷ মৃত্যু হ'লে আপুনি মন্ত্ৰীত্বৰপৰা অব্যাহতি ল'ব।"

এনেদৰে ভাইৰেল হৈ পৰা চিঠিখনত যুৱকজনে বহু প্ৰশ্নই উত্থাপন কৰে শিক্ষামন্ত্ৰীক। বিএড ডিগ্ৰীৰ প্ৰসংগ উল্লেখ কৰি কয়, "আপুনি তেওঁলোকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে B.ED ডিগ্ৰী কিয় লাগে? B. ED কেনেকৈ কৰিলে? এই বিষয়ে আপুনি অনুসন্ধান কৰিব।"

শিক্ষামন্ত্ৰীৰ এনে আচৰণত ক্ষুব্ধ টেট শিক্ষকজনে তেওঁক এই প্ৰশ্ন কৰিলে তেওঁ কিন্তু নিমাত হৈ নাথাকিব বুলি কৈ শিক্ষামন্ত্ৰীৰ চকুত চকু থৈ তেওঁ প্ৰশ্ন কৰিম বুলি কয়৷  "আপোনাক ডক্টৰেট ডিগ্ৰী কিয় লাগে৷ আপুনি ডক্টৰেট ডিগ্ৰী কেনেকৈ ল'লে৷ অনুসন্ধান কৰাৰ দায়িত্ব কাক দিব?"-এই প্ৰশ্ন কৰি শিক্ষকসকল শিক্ষা মন্ত্ৰীৰ সন্মুখত নিমাত থকাৰ কাৰণ বিশ্লেষণ কৰি চিঠি লিখা টেট শিক্ষকজনে শিক্ষকসকলে বহুত আন্দোলন কৰি, বহুত দিন পেটত গামোচা বান্ধি কিবাকৈ এটা চাকৰিৰ যোগাৰ কৰা বুলি কয়। সেয়ে জীৱনৰ আশা ভংগৰ ভয়ত একো ক'ব পৰা নাছিল বুলিও তেওঁ পত্ৰখনত উল্লেখ কৰিছে। শিক্ষামন্ত্ৰীৰ ৰঙা চকুক ভয় কৰিয়েই তেওঁলোকে প্ৰশ্ন সুধিবলৈ সংকোচ কৰিছে বুলিও তেওঁ অনুমান ব্যক্ত কৰে।

যদি সেই একেই প্ৰশ্ন চিঠি লিখা টেট শিক্ষকগৰাকীক সোধা হয় তেন্তে তেওঁ কি উত্তৰ দিব সেই কথাও চিঠিখনত উল্লেখ কৰিছে লেখকজনে। "আপুনি আমাক পৰোক্ষভাৱে হ'লেও চাকৰিৰ পৰা নিলম্বন কৰি নিজৰ দুৰ্বলতা ঢাকিবলৈ গ'লেও আমি ভয় নকৰিম ছাৰ। এনেদৰে আমি আপোনাৰ শিক্ষকক পোনপটীয়াকৈ প্ৰশ্ন সোধা বিষয়টো অলপো বেয়া পোৱা নাই। কিন্তু ছাৰ প্ৰশ্নৰ কিছুমান সীমাবদ্ধতা আছে। কোনোক্ষেত্ৰতে ব্যক্তিগত প্ৰশ্ন সোধাৰ অধিকাৰ আপোনাৰ নাই। কোন শিক্ষকে কি লংপেণ্ট পিন্ধিছে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। কোনে কেতিয়া মদ খাই সেয়াও ব্যক্তিগত কথা। যদি তেওঁ বিদ্যালয়ত যাওঁতে মদ খাই যায় আপুনি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক।"-সাহসী টেট শিক্ষকজনৰ উত্তৰ। 

চিঠিখনত অপমানিত হোৱা শিক্ষকসকলক সমালোচনা কৰি আপোনালোকে প্ৰতিটো কথাত হয় ছাৰ, হয় ছাৰ কৰি থকাতকৈ ওলোটাই এটা প্ৰশ্নও কিয় সুধিব নোৱাৰিলে বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছে। "প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলক ROP 17 মতে ৮৭০০ টকা (হাইস্কুলৰ সমপৰ্যায়ৰ) গ্ৰেড পে প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত দেখোন একেবাৰে প্ৰতিবাদ কৰি টাৱাত বহাই দিয়া আখৈৰ দৰে জপিয়াইছিল। ক'ত গ'ল এতিয়া আপোনালোকৰ সেই উত্তেজনা৷ নিজস্ব স্বাৰ্থৰ বাবে আপোনালোক শিক্ষক হৈয়ো যদি শিক্ষকৰ প্ৰাপ্যৰ বিৰোধিতা কৰে আপোনালোকৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই দিবলৈ কোন আগুৱাই যাব?"-শিক্ষামন্ত্ৰীৰ সমুখত নিমাতী কইনা হৈ পৰা শিক্ষকসকলক প্ৰশ্ন ভাইৰেল পত্ৰখনৰ লেখকৰ।

পুনৰ শিক্ষামন্ত্ৰীক আহ্বান জনাই তেওঁ পত্ৰখনত কৈছে, "ছাৰ ৩ জন ছাত্ৰ-ছাত্ৰীক ৬জন শিক্ষকে পঢ়ুৱাই থকা বিদ্যালয়ৰ অৱস্থা দেখিলে। এতিয়া ২১০ জন ছাত্ৰ-ছাত্ৰীক ৩ জন শিক্ষকে পঢ়ুৱাই থকা বিদ্যালয়ৰ অৱস্থা চাবলৈ ইচ্ছা কৰক।"

⇒ তলৰ বাতৰিটো পঢ়িবলৈ ক্লিক কৰকঃ

জাতি-মাটি-ভেটি! পানীৰ তলত ঐতিহাসিক ঘনশ্যাম দৌল

মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাই   ভাইৰেল পত্ৰখনৰ লেখকজনে যথেষ্ট আৱেগিক আৰু বুলেটসদৃশ ভাষাৰে আহ্বান জনাইছে, "এদিন আমাক মাতক ছাৰ, প্ৰতিটো অসমীয়া চেনেলত সম্পূৰ্ণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হওঁক। প্ৰশ্ন আপুনিও সোধক, আমিও আপোনাক সোধো। আমি কিমান ব্যৰ্থ আৰু আপুনি কিমান সফল আপুনিও বুজিব, আমিও বুজিম আৰু জনসাধাৰণেও বুজিব।"

শেষত টেট শিক্ষকজনে আৰু এটা কথা ক'বলৈ ৰৈ গৈছিল ছাৰ বুলি কৈ লিখিছে, "আপোনাৰ পিছফালে আপোনালোকৰ মন্ত্ৰীসভাৰ গধুৰ দায়িত্ব লৈ থকা পল্লৱলোচন দাসে গোটেই অনুষ্ঠানতোত বহি বহুত হাঁহিলে। বৰ্তমান অসমৰ চাৰিওফালে বানপানী। আপোনালোকৰ নমামী ব্ৰহ্মপুত্ৰৰ মহা আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ বুকু গচকি বুঢ়া লুইতৰ তাণ্ডৱ লীলা। চাৰিওফালে বিদ্যুতৰ সমস্যা। কৰবাত যদি মাহ দিন ধৰি বিদ্যুত নাই আৰু কৰবাত আকৌ পানীত পৰি থকা তাৰত লাগি মানুহৰ দৈনন্দিন মৃত্যু। কিন্তু আমাৰ পোহৰ বিভাগৰ মন্ত্ৰীৰ মুখত কি সুন্দৰ হাঁহি৷"

চিঠিখনৰ অন্তিম অংশত তেওঁ শক্তিমন্ত্ৰী পল্লৱ লোচন দাসক প্ৰশ্ন কৰি লিখিছে,  "আপুনি দেখোন নিজেও আপোনাৰ বিভাগত চূড়ান্ত ব্যৰ্থ। বেলেগৰ ব্যৰ্থতাত আপোনাৰ হঁহাৰ অধিকাৰ নাই। আৰু ইমানেই যদি হাঁহিবৰ ইচ্ছা আপুনি ঘৰত ৫১ ইঞ্চি টেলিভিচনৰ আগত বহি TOM & JERRY চাই হাঁহক। আমাৰ মাজত আহি ইমান স্পৰ্শকাতৰ সময়ত নিজৰ কাম-বন এৰি এনেকৈ হাঁহি থাকিলে কোনো বিক্ষুব্ধ জনতাই উত্তেজিত হৈ কিবা অঘটন ঘটাই দিব পাৰে। তাতেই আজিকালি দেশে-বিদেশে মন্ত্ৰী বিধায়কৰ গাত বিভিন্নজনে বৰকৈ জোতা-চেণ্ডেল দলিয়াই আছে। আপুনি আমাৰ বৰ মৰমৰ মন্ত্ৰী। গতিকে সেই মৰমৰ স্বাৰ্থতেই আগতীয়াকৈ অলপ সাৱধান কৰি দিলো আপোনাক।"

শিক্ষামন্ত্ৰীলৈ লিখা এই চিঠিখন মুহূৰ্ততে ভাইৰেল হৈ পৰে। কেৱল ভাইৰেল হৈ পৰাই নহয় টেট শিক্ষকজনৰ এই মুকলি চিঠিখনে জোকাৰি গৈছে প্ৰতিজন সচেতন লোকৰ বিবেকক। ভাইৰলে হৈ পৰা চিঠিখন হয়তো শিক্ষামন্ত্ৰীৰ হাতত পৰাটোৱেই স্বাভাৱিক। চিঠিখনৰ বুলেট সদৃশ ভাষাই শিক্ষামন্ত্ৰীগৰাকীকো থকা-সৰকা কৰাতো নিশ্চিত। কিন্তু শিক্ষকক চৰম অপমান কৰা ঘটনাৰ লাইভ টেলিকাষ্ট প্ৰত্যক্ষ কৰি  অন্তৰাত্মাই হাহাকাৰ কৰি উঠা টেট শিক্ষকজনে চিঠিখনৰ জৰিয়ত সোধা প্ৰশ্নৰ উত্তৰ মন্ত্ৰীগৰাকীয়ে কিদৰে দিয়ে নে উত্তৰ নথকাত মূৰ পোলোকাহে মাৰে সেয়া সময়তহে জানিব পৰা যাব।

চিঠিখন হয়তো আপোনাৰ হাততো পৰিছে। হয়তো আপুনিও পঢ়িছে চিঠিখন। যদিহে পঢ়িছে তেন্তে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আপোনাৰ মতামত।

►দেওবাৰে নিশা ১২ বজাৰ ভিতৰত আপোনাৰ মতামত জনাওক তলৰ কমেণ্ট বক্সত আৰু 'নিউজ নেক্সট ৱান’ৰ তৰফৰ পৰা লটাৰী ড্ৰ'ৰ জৰিয়তে "সপ্তাহটোৰ ভিউৱাৰ্ছ" হৈ লাভ কৰক আকৰ্ষণীয় উপহাৰ।