ডিজিটেল ৰিপ’ৰ্টঃ “ছাৰ, এবাৰলৈ আমাকো মাতক। ৰাইজৰ কাঠগঢ়াত মুখামুখি হওঁ। প্ৰথমতেই কও আপুনি একো বেয়া কাম কৰা নাই। কিছুমান কথা জনসাধাৰণৰ আগলৈ এনেকৈ আহিব লাগে। কিন্তু বেয়া লাগিল এটা কথাত যে প্ৰশ্ন আপুনি সুধিলে আৰু তেওঁলোকে উত্তৰ দিলে (তাকো অধিক সময়ত মৌনতাৰে)। তেওঁলোকৰ মাজৰ এজনেও মূৰ দাঙি আপোনাক এটাও প্ৰশ্ন নুসুধিলে।” এনেদৰে শিক্ষামন্ত্ৰীলৈ লিখা এখন মুকলি চিঠি এতিয়া অসমত ভাইৰেল হৈ পৰিছে৷
নিজকে নিতুপন কুমাৰ ডেকা আৰু প্ৰাথমিক পৰ্যায়ৰ টেট শিক্ষক বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীলৈ লিখা উক্ত চিঠিখন ভাইৰেল হৈ পৰিছে হোৱাটছএপ আৰু ফেচবুকত। ৰাজ্যৰ হোৱাটছএপ, ফেচবুক ব্যৱহাৰকাৰীসকলে এই চিঠিখন শ্বেয়াৰ কৰাৰ লগতে লাইক, কমেন্ট কৰাও দেখা গৈছে৷