গুৱাহাটীঃ “মই শেৱালি কলিতাই মোৰ ছোৱালী মণিকংকণা কলিতাক যোৱা ২৯ তাৰিখে মূৰৰ বিষ আৰু জ্বৰ উঠি থকাৰ বাবে নাওকাটা PHCত লৈ গৈছিলো৷ প্ৰায় ১০.১৫ বজাত উপস্থিত হৈছিলো৷ সেই সময়ত কোনো ডাক্তৰ উপস্থিত নাছিল৷ কিছু সময়ৰ পিছত মেডিকেলৰ এজন কৰ্মচাৰীয়ে ডাঃ পি তালুকদাৰৰ ৰুমলৈ যাব দিয়ে৷ ডাঃ তালুকদাৰক তেজ পৰীক্ষাৰ কথা সুধিছিলো৷ তেখেতে মোক তেজ পৰীক্ষা কৰিবলৈ মানা কৰিলে৷ আৰু মোক আয়ুস্মান ডায়গনেষ্টিক চেন্টাৰৰ বাইহাটা চাৰিআলিৰ ঠিকনা দিলে আৰু তাতে মণিকংকণাক ইউএছজি কৰিবলৈ কয়৷ আমি দুই তিনিবাৰ তেজ পৰীক্ষাৰ কথা ক’লো। কিন্তু তেওঁ গুৰুত্ব আৰোপ নকৰিলে৷ তেওঁ মোৰ পৰা ১০০ টকা বিচাৰিছে মই এশটকাও দিলো৷ কিন্তু চৰকাৰী মেডিকেলত এশটকা, মই আচৰিত হ’লো৷ তেওঁ উত্তৰত ক’লে মেডিকেল পূজাৰ বাবে দুদিন বন্ধ থাকিব৷ তেওঁ মেডিকেলত প্ৰতিজন ৰোগীৰ পৰা এনেদৰে ১০০ টকা লৈ আছে৷”
আপুনি হয়তো একে উশাহতে কথাখিনি পঢ়িলে৷ আমি কোনো ধৰণৰ সম্পাদনা কৰা নাই কথাখিনিৰ৷ এই কথাখিনি newsnextone.comৰ এগৰাকী সম্পাদকৰ হোৱাটছএপত এখন কাগজত লিখি চিঠি আকাৰে নিজকে শেৱালি কলিতা বুলি পৰিচয় দি প্ৰেৰণ কৰে৷ দীঘলিপাৰ ডাকঘৰ, মহৰিপাৰা বুলি চিঠিখনৰ তলৰ ফালে ঠিকনাও উল্লেখ কৰে৷ চিকিৎসকে উকা কাগজত লিখি দিয়া বিধানপত্ৰখন আৰু ডায়গনেষ্টিক চেন্টাৰৰ নাম থকা পেডখন ফটো মাৰি আমালৈ প্ৰেৰণ কৰে৷