anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত পুনৰ ভোক আৰু জীৱনৰ যুদ্ধত ভোকৰ ওচৰত হাৰ মানি জীৱন এৰিবলৈ বাধ্য হ’ল এগৰাকী মহিলাই৷ এই ঘটনাৰ পিছতে ঝাৰখণ্ডত ভোকৰ বাবে মৃত্যু ঘটা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়৷ শনিবাৰে ঝাৰখণ্ডৰ গিৰিডিহ অঞ্চলতো এগৰাকী মহিলাই ভোকৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰি প্ৰাণ হেৰুৱাইছিল৷ 

বিহাৰৰ বাৰচট্টীৰ মীনা নামৰ মহিলাগৰাকীয়ে নিজৰ পুত্ৰৰ সৈতে ঝাৰখণ্ডত পেলনীয়া প্লাষ্টিক আদি বুটলাৰ কাম কৰিছিল৷ এই বৃত্তিৰে মাতৃপুত্ৰৰ চলিবলৈ অসুবিধা হৈছিল যদিও অন্য কৰ্ম সংস্থাপন নথকাৰ বাবেই এই কৰ্মৰেই কোনোমতে জীৱনটো চলাই নিছিল মাতৃ-পুত্ৰই৷ 

কিন্তু একেৰাহে চাৰিদিন ধৰি মাতৃ-পুত্ৰই নিজৰ কৰ্মেৰে এটকা এটাও উপাৰ্জন কৰিব পৰা নাছিল৷ যাৰ ফলত তেওঁলোকে ভোকৰ ভাতমুঠিও যোগাৰ কৰিবলৈ অক্ষম হৈছিল৷ একেৰাহে চাৰি দিন লঘোণে থাকি সোমবাৰে হঠাত মীনা নামৰ মহিলাগৰাকী অসুস্থ হৈ পৰে৷ 

অসহায় পুত্ৰই শেষত মাতৃক কান্ধত তুলি হস্পিতাললৈ লৈ যায় যদিও তেতিয়ালৈ বহু পলম হৈছিল৷ চিকিৎসালয়ৰ ডাক্তৰে মহিলাগৰাকীক মৃত ঘোষণা কৰে৷

চতৰা হস্পিতালৰ চিভিল চাৰ্জন ডা০ এছ পি সিঙে কয় যে যেতিয়া মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ অনা হৈছিল, তেতিয়ালৈকে মহিলাগৰাকীৰ মৃত্যু হৈছিল৷ মহিলাগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া মৰোণত্তৰ পৰীক্ষাৰ পিছতে জানিব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে৷

ডাক্তৰে পুনৰ কয় যে যেতিয়া মহিলাগৰাৰীৰ পুত্ৰই মহিলাগৰাকীক কান্ধত তুলি হস্পিতাল পায়, তেতিয়া ততাতৈয়াকৈ মহিলাগৰাকীৰ যাৱতীয় পৰীক্ষা সম্পন্ন কৰা হয়৷ হস্পিতাল কৰ্তৃপক্ষই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ পিছত ঘটনা সন্দৰ্ভে আৰক্ষীক অৱগত কৰে৷ পিছত আৰক্ষীয়ে চিকিৎলায়ত উপস্থিত মহিলাগৰাকীৰ মৃতদেহটো মৰোণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে৷