newsnextone.com | ডিজিটেল ডেস্কঃ ঝাৰখণ্ডত পুনৰ ভোক আৰু জীৱনৰ যুদ্ধত ভোকৰ ওচৰত হাৰ মানি জীৱন এৰিবলৈ বাধ্য হ’ল এগৰাকী মহিলাই৷ এই ঘটনাৰ পিছতে ঝাৰখণ্ডত ভোকৰ বাবে মৃত্যু ঘটা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পায়৷ শনিবাৰে ঝাৰখণ্ডৰ গিৰিডিহ অঞ্চলতো এগৰাকী মহিলাই ভোকৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰি প্ৰাণ হেৰুৱাইছিল৷
বিহাৰৰ বাৰচট্টীৰ মীনা নামৰ মহিলাগৰাকীয়ে নিজৰ পুত্ৰৰ সৈতে ঝাৰখণ্ডত পেলনীয়া প্লাষ্টিক আদি বুটলাৰ কাম কৰিছিল৷ এই বৃত্তিৰে মাতৃপুত্ৰৰ চলিবলৈ অসুবিধা হৈছিল যদিও অন্য কৰ্ম সংস্থাপন নথকাৰ বাবেই এই কৰ্মৰেই কোনোমতে জীৱনটো চলাই নিছিল মাতৃ-পুত্ৰই৷