বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিজৰাপাৰত ড্ৰাগছসহ এজন যুৱকক আটক কৰে৷ আৰক্ষীয়ে এখন নম্বৰপ্লেটবিহীন বাইকক অনুসৰণ কৰি নিজৰাপাৰত আগুচি ধৰি ডিকিত তালাচী চলাওঁতে দুটা টিফিনত ভৰাই অনা ড্ৰাগছখিনি ওলাই পৰে৷
প্ৰাৰম্ভিক অৱস্থাত এয়া ব্ৰাউন ছুগাৰ বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি ইয়াৰ মূল্য লক্ষাধিক বুলি ব্যক্ত কৰে৷ যুৱকজনে নিজৰ নাম ছেং বুলি কোৱাৰ লগতে বালিপথাৰত ঘৰ বুলি কয় যদিও যুৱকজনৰ পৰা উদ্ধাৰ হোৱা পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চত তেওঁৰ নাম ধীৰাজ চিংফৌ আৰু তেওঁৰ ঘৰ অৰুণাচলৰ চাংলঙত বুলি উল্লেখ আছে৷