নতুন দিল্লীঃ নতুন বছৰত নতুন নিয়ম। আকৌ সাজু হওক শাৰী পাতিবলৈ। এইবাৰ বেংক বা গেছ এজেন্সীত নহয়, শাৰী পাতিবলগীয়া হ’ব পাৰে ডিটিঅ’ কাৰ্যালয়ত। কিয়নো অতি শীঘ্ৰে ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাতো বাধ্যতামূলক হৈ পৰিব।
‘শীঘ্ৰে ড্ৰাইভিং লাইচেন্সৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাতো বাধ্যতামূলক হ’ব। এই সম্পৰ্কীয় আইন প্ৰণয়নৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।’-বিষয়টো সন্দৰ্ভত এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে।