নগাঁওঃ দেশৰ বিভিন্ন ৰাজ্যত আধাৰ কাৰ্ড অবিহনে এজন ব্যক্তিৰ পৰিচয়ৰ স্বীকৃতি একপ্ৰকাৰে অসম্পূৰ্ণ ৷ আনকি, এগৰাকী শিক্ষাৰ্থীৰ কোনো শিক্ষানুস্থানত নামভৰ্তিকে প্ৰমুখ্য কৰি বেংক, ৰন্ধন গেছ,বীমা প্ৰতিষ্ঠান আদিত সম্প্ৰতি এজন লোকৰ পৰিচয়ৰ প্ৰমাণ হিচাপে বাধ্যতামূলক হৈ পৰিছে আধাৰ কাৰ্ড ৷
কিন্তু এনে আধাৰ কাৰ্ডৰ কাম বৰ্তমান বন্ধ হৈ আছে অসমত ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়কৰ দ্বাৰা পৰিবেশিত এই আধাৰ কাৰ্ডৰ কাম ২০১৪ চনৰ মাজ ভাগৰ পৰা অসমৰ নগাঁও, গোলাঘাট আৰু শোণিতপুৰ জিলাত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল যদিও আশ্বৰ্যজনকভাৱে ইয়াৰ কাম সম্পূৰ্ণ কৰা নহ’ল ৷