newsnextone.com | লংকাঃ দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল'গান দিয়া চৰকাৰে খোদ টোলগেট আৰু চালানী মাছৰ ছিণ্ডিকেট যদি বহুৱাব পাৰে তেন্তে পিছ পৰি ৰ'ব কিয় আধাৰ কেন্দ্ৰই। 

কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ডৰ কাম বন্ধ কৰি ৰাখিছে যদিও হোজাই জিলাত আধাৰ কাৰ্ড বনোৱাৰ নামত এখন কলা বজাৰ বহা বুলি অভিযোগ উত্থাপন হৈছে। আধাৰ কাৰ্ডৰ কেন্দ্ৰসমূহে জিলা খনত ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ লামডিঙস্থিত এলাহাবাদ বেংকৰ অধিনৰ ড্ৰাওইন নামৰ কোম্পানীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

লামডিংস্থিত এলাহাবাদ বেংকৰ শাখাৰ সৈতে সংলগ্ন হৈ থকা আধাৰ সেৱা কেন্দ্ৰই প্ৰতিদিনেই আবেদনকাৰীৰ পৰা ২০০-৩০০ লৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ গ্ৰাহকৰ পৰা ২০০-৩০০ টকাকৈ সংগ্ৰহ কৰি আধাৰ কাৰ্ড বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মাত্ৰ এখন কাগজত স্বাক্ষৰ সংগ্ৰহ কৰি প্ৰতিজন গ্ৰাহকৰ পৰা ২০০-৩০০ লৈকে ধন সংগ্ৰহ কৰা বুলি ৰাইজে কয়৷ আধাৰ কাৰ্ড বনোৱাৰ সময়তে একেলগে গ্ৰাহকসকলক স্মাৰ্ট কাৰ্ড দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰে৷ ভাৰত চৰকাৰে আধাৰ কাৰ্ড বিনামূলীয়া কৰাৰ লগতে আধাৰৰ বাবে ধনৰ প্ৰয়োজন নাই বুলি কৈ অহাৰ পিছতোঁ মুকলিভাৱে ধন সংগ্ৰহ কৰি আহিছে ড্ৰাওইন নামৰ কোম্পানীয়ে। 

ভাৰত চৰকাৰৰ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই ব্যক্তিগত কোম্পানীসমূহে এজেণ্টৰ জৰিয়তে সাধাৰণ ৰাইজক লুণ্ঠন চলাই গৈছে ৷ চৰকাৰে আধাৰৰ সমস্ত কাম ব্যক্তিগতখণ্ডৰ হাতত গতাই দিছে যদিও বেংক কৰ্তৃপক্ষই ইয়াৰ সৈতে জৰিত। কিন্তু এই বিষয়ত বেংক কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই ক্ষেএত ভাৰত চৰকাৰে ইতিমধ্যে আধাৰ কাৰ্ড বা স্মাৰ্ট কাৰ্ড সেৱা আগবঢ়োৱাৰ বিনিময়ত ধন সংগ্ৰহ কৰা মুঠ ৪৯হাজাৰ আধাৰ সেৱা কেন্দ্ৰৰ কোম্পানীক এতিয়ালৈকে নিষিদ্ধ কৰিছে দেশত ৷ কিন্তু লামডিঙত কেন্দ্ৰ চৰকাৰৰ ঘোষণাক ৰঙা চকুক কেৰেপ নকৰি ধন সংগ্ৰহ কৰি আহিছে আধাৰৰ নামত ৷ আধাৰকাৰ্ড আৰু স্মাৰ্ট কাৰ্ড দিয়াৰ নামত এখন কলা বজাৰ বহিছে লামডিঙত। 

যি দুজন যুৱক টকা সংগ্ৰহ কৰি এই ব্যৱসায় চলাই গৈছে তেওঁলোকে নাজানে মেনেজাৰ তথা চুপাৰভাইজাৰৰ নাম ৷ হোজাই নিবাসী যুৱক দুজনে ২০০ টকাকৈ সংগ্ৰহ কৰাৰ ৰচিদ দেখুৱাবলৈ সক্ষম নহ'ল। এই অভিযোগ উত্থাপন হোৱাৰ পিছতে বেংক কৰ্তৃপক্ষই এই সন্দৰ্ভত অহা সোমবাৰলৈ অপেক্ষা কৰিবলৈ কৈ যিহেতু এই কেন্দ্ৰসমূহ সম্পূৰ্ণ ব্যক্তিগত প্ৰতিষ্ঠান পৰিচালনা কৰে বুলি কয় ৷