newsnextone.com | লংকাঃ দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গান দিয়া চৰকাৰে খোদ টোলগেট আৰু চালানী মাছৰ ছিণ্ডিকেট যদি বহুৱাব পাৰে তেন্তে পিছ পৰি ৰ’ব কিয় আধাৰ কেন্দ্ৰই।
কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ডৰ কাম বন্ধ কৰি ৰাখিছে যদিও হোজাই জিলাত আধাৰ কাৰ্ড বনোৱাৰ নামত এখন কলা বজাৰ বহা বুলি অভিযোগ উত্থাপন হৈছে। আধাৰ কাৰ্ডৰ কেন্দ্ৰসমূহে জিলা খনত ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ লামডিঙস্থিত এলাহাবাদ বেংকৰ অধিনৰ ড্ৰাওইন নামৰ কোম্পানীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।