ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে আধাৰ কাৰ্ড৷ আধাৰ কাৰ্ডে গোপনীয়তা ভংগ কৰা বুলি ব্যাপক চৰ্চা হৈ অহাৰ সময়তে উচ্চতম ন্যায়ালয়ত আধাৰৰ বিৰুদ্ধে প্ৰায় ৩০ খন আৱেদন দাখিল কৰে কেইবাগৰাকী লোকে৷ এতিয়া আধাৰ কেৱল গোপনীয়তা ভংগৰ প্ৰশ্ন হৈ থকা নাই চৰকাৰ খোদ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷
প্ৰায় ৩০টা গোচৰৰ সন্মুখীন হৈ চৰকাৰ একপ্ৰকাৰ সমস্যাত পৰিছে৷ ২০১২ চনৰ পৰা আধাৰ কাৰ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷ উল্লেখ যোগ্য যে, আধাৰ কাৰ্ডৰ গোচৰৰ শুনানী ইতিমধ্যে ন্যায়ালয়ত আৰম্ভ হৈছে৷ আধাৰ কাৰ্ডৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে৷ ২০১২ চনত আধাৰ কাৰ্ডৰ বিৰুদ্ধে প্ৰথমটো গোচৰ ৰুজু হৈছিল যদিও ২০১৭ চনলৈ চৰকাৰে ৩০টা গোচৰৰ সন্মুখীন হয়৷
তথাপিও চৰকাৰে এতিয়ালৈ জনসাধৰণক আধাৰ কাৰ্ডৰ সৈতে বেংকৰ একাউন্ট, ৰন্ধন গেছৰ সংযোগ, মোবাইল চিমকাৰ্ড, ড্ৰাইভিং লাইচেন্স আদিৰ সৈতে সংযোগ কৰিবলৈ ১৩৯ বাৰ বিভিন্ন মাধ্যম যোগে জাননী জাৰি কৰিছে৷ যোৱা বৃহস্পতিবাৰে দেশৰ জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে এই তথ্য উচ্চতম ন্যায়ালয়ত দাখিল কৰে৷ উচ্চতম ন্য়ায়ালয়ৰ ৯ জনীয়া বিচাৰপীঠে ২০১৬ চনৰ ৯ জুনত আধাৰ কাৰ্ডৰ বিৰুদ্ধে ব্যক্তিগত গোপনীয়তা অক্ষুন্ন ৰখাৰ অধিকাৰক এক প্ৰত্যাহ্বান বুলি উল্লেখ কৰিছিল৷ যিহেতু আধাৰ কাৰ্ডে মানুহৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰে৷
২০১২ চনত অৱসৰ প্ৰাপ্ত ন্যায়াধীশ কে পট্টাশ্বামীয়ে ৰুজু কৰিছিল আধাৰ কাৰ্ডৰ বিৰুদ্ধে প্ৰথমটো প্ৰত্যাহ্বান জনক গোচৰ৷ ২০১৭ চনৰ আগষ্ট মাহত গোপনীয়তা ৰক্ষাৰ অধিকাৰৰ ৰায় জাৰি কৰিছিল কৰ্নাটক উচ্চ ন্যায়ালয়ে৷ কৰ্নাটক উচ্চ ন্যায়ালয়ৰ সেই সময়ৰ মুখ্য ন্যায়াধীশ আছিল শ্বামী৷ এই ক্ষেত্ৰত পট্টাশ্বামীৰ নাম সোণালী আখৰেৰে লিখা থাকিব৷ ইয়াৰ পিছত ২০১৩ চনত চৰকাৰে পুনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়৷ কিয়নো আধাৰ কাৰ্ডৰ বিৰুদ্ধে পুনৰ আঠ খন আৱেদন আঠ গৰকী লোকে সুকীয়া সুকীয়াকৈ দাখিল কৰে ন্যায়ালয়ত৷
ইয়াৰ চাৰিখন ২০১৪ চনত আৰু ৪ খন ২০১৫ দাখিল কৰিছিল৷ যিটো বছৰত অৰ্থাৎ ২০১৬ চনত চৰকাৰে আধাৰক আইন ৰূপে গৃহিত কৰে সেইটো বছৰতে ১২ খন নতুন আৱেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰে বিভিন্নজনে৷ এই গোচৰ সমূহৰ তথা আৱেদন সমূহ চৰকাৰৰ আধাৰ আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰে৷ আধাৰৰ বিৰুদ্ধে এছ জি ভম্বাটকেৰে, অৰুণা ৰয়, চান্থা সিনহা, কল্যাণী মেনন সেন, বিন বিশ্বৱান, মেথিউ থমাচ আৰু ৰাজীৱ চন্দ্ৰ শেখৰ আৰু চেন্টাৰ ফৰ চিভিল চছাইটি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে গোচৰ ৰুজু কৰে৷ ভাৰতীয় তেল নিগমে অকলে ৫ খন আৱেদন আধাৰ কাৰ্ডৰ বিৰুদ্ধে দাখিল কৰে৷
পশ্চিম বংগ চৰকাৰে আধাৰ কাৰ্ডৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায়৷ সকলো গোচৰৰ উৰ্দ্ধলৈ গৈ আধাৰ কাৰ্ডৰ পৰিচলনা সমিতি ইউনিক আইডেন্টিফিকেশ্যন অথিৰিটি অৱ ইণ্ডিয়াই জেলত থকা অপৰাধী আৰু চিবিআইৰ গোচৰত অভিযুক্ত লোকসকলৰ বায় মেট্ৰিক তথ্য আধাৰ কাৰ্ডত সংযোগ কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে মুম্বাই উচ্চ ন্যায়ালয়ত গোচৰ তৰে৷ উচ্চতম ন্যায়ালয়ত চলি থকা ৩০টা গোচৰে মোবাইল চিম কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, বেংকৰ কেৱাইচি আদিৰ সৈতে আধাৰক সংযোগ কৰাৰ বিৰুদ্ধে চাৰণ কৰে৷
পশ্চিম বংগ একমাত্ৰ ৰাজ্য যিয়ে সম্পূৰ্ণ আধাৰ আইনক প্ৰত্যাহ্বান জনায়৷ দেশৰ এটৰ্নী জেনেৰেল মুকুল ৰোহতগীয়ে ভাৰতৰ জনসাধৰণৰ গোপনীয়তা ৰক্ষা মৌলিক অধিকাৰ হয় নে নহয় সেই কথা উচ্চতম ন্যায়ালয়ে ঠিৰাং কৰিব বুলি কয়৷ আদালতে ৰোহতগীৰ কথা গুৰুত্ব সহকাৰে লৈ ৯ জনীয়া বিচাৰ পীঠলৈ এই দায়িত্ব প্ৰেৰণ কৰে৷