newsnextone.com | নামতিঃ দিনক দিনে হিংস্ৰ হৈ পৰিছে নেকি মানুহ? মানুহৰ মনৰ পৰা নাইকীয়া গৈ গৈছে নেকি মৰম-ভালপোৱা-সৰলতা? কিয়নো আজিৰ সময়ত মানুহেই মানুহৰ প্ৰাণ হৰিছে৷ এজাক মানুহৰ হিংস্ৰতা সহিবলগীয়া হৈছে এজাক মানুহে৷ ৰাজ্যত এতিয়ালৈ গণ প্ৰহাৰৰ ফলত কেইবাগৰাকী লোকৰ প্ৰাণ হেৰুৱাব লগা হৈছে। যাৰ ফলত সমাজত এক অস্থিৰ পৰিস্থিৰ সৃষ্টি হ’ব পৰাৰ আংশকাই বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তর্গত বিভিন্ন ঠাইত গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈ আহিছে। মৰেল পুলিচিং কাণ্ড প্ৰায়ে সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ।
একাংশ লোকো কোনো কথা নভবাকৈয়ে আইন হাতত তুলি লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। তদুপৰি গ্ৰাম্য অঞ্চলত নিশা হলেই একাংশ বয়োজ্যেষ্ঠ আৰু যুৱকে মাদক দ্ৰব্য সেৱন কৰি উদণ্ড হৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে শৈক্ষিক পৰিবেশ বিনষ্ট কৰা বুলি অভিযোগ উত্থাপন হৈছে।