কোকৰাঝাৰঃ কােচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিয় সংগঠন আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল এক আৱেগিক পৰিৱেশত দেওবাৰে লগ হৈ সংগঠনটোকে একত্ৰিত কৰে। বহু প্ৰতীক্ষাৰ অন্তত ঐক্যবদ্ধ হয় আক্ৰাছুৰ বিভাজিত দুই গোট। এত্য়াৰ পৰা আক্ৰাছু সংগঠন এটাই বুলি জনা যাব। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা খেলপথাৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আক্ৰাছুৰ ১৬ তম কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু দ্বিবাৰ্ষিক যৌথ অধিবেশনতে আক্ৰাছুৰ একত্ৰিকৰণ সম্পন্ন হয়।
একত্ৰিকৰণৰ অন্তত আক্ৰাছুৰ নৱনিৰ্বাচিত ৫১ জনীয়া সমিতিৰ সভাপতিৰূপে নিৰ্বাচিত হয় অৰুণ ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় গোকুল বৰ্মন। বহু ঘাত-প্ৰতিঘাতৰ অন্তত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিতকৰণৰ হোৱাত কোচ ৰাজবংশী জনতা উৎফুল্লিত হৈ পৰিছে আৰু আজি মইনাৰতলত অনুষ্ঠিত হোৱা মুকলি সভাত কেবাসহস্ৰাধিক সাধাৰণ জনতাই উৎফুল্লিত মনেৰে অংশগ্ৰহন কৰিছে। উল্লেখ্যে যে আক্ৰাছুৰ একত্ৰিকৰণ অধিবেশন কেবাবাৰো পিছুওৱাৰ অন্তত অৱশেষত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিকৰণৰ সম্পন্ন হোৱাত সাধাৰণ কোচ ৰাজবংশী জনতা বাৰুকৈয়ে উৎফুল্লিত হৈ পৰে।