newsnextone.com | ওদালগুৰিঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ প্ৰায় ওদালগুৰি জিলাখনতে সৰ্বাত্মকৰূপে পৰা দেখিবলৈ পোৱা যায়। 

ওদালগুৰি জিলা সদৰৰ উপৰিও টংলা, ভেৰগাওঁ, কলাইগাঁও, ডিমাকুচি, হৰিশিঙা, পানেৰী, বেংবাৰী, ৰৌতা, ওৰাং, মাজবাট ইত্যাদি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা বুলি বিভিন্ন সূত্ৰৰ পৰা খবৰ পোৱা গৈছে। বন্ধৰ সময়ছোৱাত দুই এখন ব্যক্তিগত যানবাহণ চলাচল কৰে যদিও দূৰণিবটীয়া সকলো যান-বাহনৰ চলাচল বন্ধ হৈ থকাৰ লগতে চৰকাৰী বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। 

ইয়াৰোপৰি চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ হৈ থাকে কিন্তু ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমূহ চলি থকা দেখা যায়। বন্ধৰ সময়ছোৱাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত বন্ধৰ সমৰ্থকসকলে পুৱাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বন্ধৰ সময়ছোৱা যাতে সুকলমে পাৰ হয় তাৰ বাবে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে।