62
কাজলগাঁওঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্যমঞ্চই আজি চিৰাং জিলাৰ ছাপাগুৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে৷
ছাপাগুৰিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলি চ‘কত জনগোষ্ঠীয় ঐক্যমঞ্চৰ আহ্বানত চিৰাং জিলা আক্ৰাছুৰ শতাধিক নেতা-কৰ্মীয়ে তিনিওগৰাকী বিজেপি নেতাৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷