newsnextone.com | ওদালগুৰিঃ সদৌ অসম কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতি মঙলবাৰে ভংগ কৰে কেন্দ্ৰীয় সমিতিয়ে। জিলা সমিতিত ব্যাপক বিসম্বাদে গা’ কৰি উঠাৰ ফলতে বিগত ১৭ জুনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৈতে ওদালগুৰি জিলা আক্ৰাছুৰ বিষয়-ববীয়াৰ এক বৈঠক অনুষ্ঠিত কৰি বৰ্তমানৰ ওদালগুৰি জিলা সমিতি ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, সংগঠনটোৰ ওদালগুৰি জিলাৰ দুই গোটৰ মাজত দীৰ্ঘদিন ধৰি চলি আছিল বিতৰ্ক। ফলত জিলাখনত সংগঠনটোৰ অস্তিত্ব সংকটত পৰা দেখা গৈছিল। বিতৰ্কৰ অৱসান ঘটাই সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিখন ভংগ কৰি এখন তদৰ্থ সমিতি গঠন কৰি দিয়ে।