ডিজিটেল ডেস্কঃ অসম আৰু গুজৰাটৰ বান বিধ্বস্ত লোকসকলৰ দুখ-দুৰ্দশাৰ বতৰা লাভ কৰি হাহাকাৰ কৰি উঠিছে মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট বলীউড ছুপাৰষ্টাৰ আমীৰ খানৰ মন। দুয়োখন ৰাজ্যৰ বানক্ৰান্তসকলক সহায় কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈকো আহ্বান জনাইছে অভিনেতাগৰাকীয়ে।
বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি তেওঁ কিমান কষ্ট অনুভৱ কৰিছে সেয়া প্ৰকাশ কৰিছে মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰৰ জৰিয়তে। এই সন্দৰ্ভত এটি ভিডিঅ’ টুইট কৰিছে অভিনেতাগৰাকীয়ে। ভিডিঅ’টোত তেওঁ বানাক্ৰান্ত লোকসকলক সমবেদনা জনোৱাৰ লগতে যিমান সম্ভৱ সিমানখিনিলৈকে তেওঁ সহায় আগবঢ়াব বুলিও সদৰী কৰে।