newsnextone.com | মঙলদৈঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ পৰিষদ চমুকৈ আমছুৰ বিৰুদ্ধে কলেজ চৌহদত অবৈধ ভাৱে ধন সংগ্ৰহ আৰু ছাত্ৰক বৰ্বৰ ভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰই৷ নামনি অসমৰ দৰং জিলাৰ খাৰুপেটীয়া কলেজত আমছুৱে দীৰ্ঘদিন ধৰি আমছু ৰাজ চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে৷
এগৰাকী শিক্ষাৰ্থীয়ে আমছুই বিচৰা ধন আদান নিদিয়াৰ বাবে কলেজৰ পথাৰত মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়৷ একাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা বলপূৰ্বক ধনদাবী কৰাৰ সময়তে আন একাংশ ছাত্ৰই ধন আদায় দিছিল আৰু আন একাংশ ছাত্ৰই আদায় দিয়া নাছিল৷ ইয়াৰ লগে লগে এগৰাকী ছাত্ৰই আমছুৰ এই কাণ্ডক উভতি ধৰাত ছাত্ৰগৰাকীক একাংশ আমছু কৰ্মীয়ে কলেজৰ খেল পথাৰত খেদি খেদি বৰ্বৰ ভাৱে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপিত হয়৷ একাংশ আমছু সদস্যৰ বিৰুদ্ধে একাংশ ছাত্ৰই মুকলি অভিযোগ উত্থাপন কৰে৷