ডিব্ৰুগড়ঃ আমছুৰ সভাপতি আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক সমালোচনা কৰিবলৈ গৈ অসমীয়াগিৰি শব্দটো ব্যৱহাৰ কৰাত ৰাজ্যৰ উজনি-নামনিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ উজনি অসমৰ ছচিয়েল মিডিয়াত সক্ৰিয় লোকসকলে জিতেন দত্তক অপমান কৰা বুলি কৈ আমছুৰ সভাপতিগৰাকীক উভতি ধৰি তীব্ৰ সমালোচনা কৰে৷
সোমবাৰে নিশা ব্যক্তিগত নিউজ চেনেল নিউজ-১৮ৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই পিৰচালনা কৰা এটি অনুষ্ঠানত আলফা নেতা জিতেন দত্ত, আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ লগতে কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে৷ আমছুৰ নেতা আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক উভতি ধৰিবলৈ গৈ অসমীয়াগিৰি কৰা বুলি কয়৷ নামনিৰ বৰপেটা, ধুবুৰী, মৰিগাঁও আদি জিলা অসমৰ হয় নে নহয় বাৰে বাৰে প্ৰশ্ন কৰে আজিজুৰে৷