নলবাৰীঃ ৰাজ্যত নিতৌ সংঘটিত হয় হাতী মানুহৰ সংঘাত৷ হাতী-মানুহৰ সংঘাত যেন এতিয়া সাধাৰণ কথাত হে পৰিণত হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ তথা বনবিভাগে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাত হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ দৰিদ্ৰ শ্ৰমিকৰ নিতৌ ঘৰ ভাঙি গৃহ হাৰা কৰে হাতীৰ জাকে। ৰাইজে দীৰ্ঘ দিনে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ তাৰ মাজতে আমছুৰ বাক্সা জিলা সমিতিয়ে বিটিএডিৰ বাক্সা জিলাৰ শালবাৰী-তামুলপুৰ মহকুমাৰ ভিন্ন ঠাইত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই যোৱাৰ পিছতো মানুহক সুৰক্ষা দিয়াৰ বাবে পদক্ষেপ নোলোৱা বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷