newsnextone.com | বিহালীঃ এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। যাৰ ফলত মঙলবাৰে আমছুৱে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা আমছুৱে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

এন আৰ চিৰ কাম চলি থকাৰ সময়তে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। 

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ নেতা-কৰ্মীয়ে অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। 

আমছুৱে অভিযোগ উত্থাপন কৰা মতে, সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাকৈ যধে-মধে প্ৰকৃত ভাৰতীয় নাগৰিকক জাননী জাৰি কৰি তদন্ত অবিহনে বহু মানুহক ডি-ভোটাৰ সজোৱাৰ বাবে চক্ৰান্ত কৰিছে৷ এনে ধৰণৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিয়ে এই কাৰ্যসূচী পালন কৰে আমছুৱে৷

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদ, সহকাৰী সাধাৰণ সম্পাদক মুন্না আহমেদ, কুদ্দুছ আলি সৰকাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আলি আহমেদ, বিশ্বনাথ জিলা আমছুৰ সভাপতি আমিল হকৰ লগতে বিশ্বনাথ জিলা সমিতিৰ বিষয়-ববীয়াৰ লগতে প্ৰায় দুই শতাধিক আমছু সদস্য উপস্থিত থাকে। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।