56
নতুন দিল্লীঃ বৃহৎ জয়েৰে তৃতীয়বাৰৰ বাবে দিল্লীত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে আম আদমি পাৰ্টী (আপ)। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কিছুসময় পূৰ্বে তৃতীয়বাৰৰ কাৰণে তেওঁক আদৰি লোৱাৰ বাবে দিল্লীবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। দিল্লীৰ এই জয়ে অসমৰ আপ দলৰ কৰ্মকৰ্তাসকলকো উৎফুল্লিত কৰি তুলিছে। এই জয়েৰে অনুপ্ৰাণিত হৈ অসমতো নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে দলটোৰ অসম ৰাজ্যিক সমিতিয়ে।
দিল্লীৰ জয়ক লৈ কি ক’লে অসমৰ আপ কৰ্মকৰ্তাসকলে?