নতুন দিল্লীঃ পুনৰ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চমুকৈ আপ। আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত ইয়াৰ স্পষ্ট ইংগিত বহন কৰি এই পৰ্যন্ত বিজেপি আৰু কংগ্ৰেছতকৈ বহুদূৰ আগবাঢ়ি আছে শাসকীয় দলটোৱে।
এগজিট পোলতো আপেই পুনৰ চৰকাৰ গঠন কৰিব বুলি কোৱা হৈছে যদিও বিজেপিৰ কেবাজনো নেতাই এগজিট ভুল হ’ব বুলি দাবী কৰি আহিছে। আনহাতে আপ দলে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে ইভিএমত খেলিমেলি সংঘটিত কৰাৰ অভিযোগ। ইয়াৰ মাজতে প্ৰাৰম্ভিক পৰ্যায়ৰ ভোট গণনাত আপে ৫২ খন, বিজেপিয়ে ১৭খন আৰু কংগ্ৰেছ দলে ১ আসনত অগ্ৰগতি লাভ কৰিছে।