নতুন দিল্লীঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দিল্লী বিধানসভাৰ নিৰ্বাচন। দেশৰ সকলো প্ৰান্তৰ লোকৰ দৃষ্টি এতিয়া নিৱদ্ধ হৈ পৰিছে দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনাত। দিল্লীৰ আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ।
ইয়াৰ মাজতে দলীয় কাৰ্যালয়ত গৈ উপস্থিত হৈছে মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আম আদমী পাৰ্টিৰ মুখ্য কাৰ্য্যালয়ত সাজু কৰা হৈছে বৃহৎ আকাৰৰ মঞ্চ। ৭০ খন বিধানসভা আসনৰ ভিতৰত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব বুলি এক ইংগিত পোৱা গৈছে।