Home দেশফলাফলৰ পিছতে আপ বিধায়কৰ কনভয়ত আক্ৰমণ, এজন নিহত

ফলাফলৰ পিছতে আপ বিধায়কৰ কনভয়ত আক্ৰমণ, এজন নিহত

by News Desk
A+A-
Reset
aap_mla_naresh_yadav

নতুন দিল্লীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাত থিতাতে নিহত হয় আম আদমী পাৰ্টীৰ এজন স্বেচ্ছাসেৱক। আম আদমী পাৰ্টীৰ বিধায়ক নৰেশ যাদৱৰ কনভয়লৈ লক্ষ্য কৰি গুলী চলোৱাৰ ফলতে নিহত হয় স্বেচ্ছাসেৱকজন। নিহত স্বেচ্ছাসেৱকজন অশোক মান বুলি জনাইছে দিল্লী আৰক্ষীয়ে। এই ঘটনাত আহত হয় হৰেন্দ্ৰ নামৰ আন এজন আপ কৰ্মী।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে সংবাদ মাধ্যমক জনোৱা মতে কালি জয়লাভৰ পিছতে পূজা দিবলৈ বুলি নিশাৰ ভাগত মন্দিৰলৈ গৈছিল বিধায়ক নৰেশ যাদৱ। পূজা দি ঘৰলৈ উভতাৰ পথতে অচিনাক্ত বন্দুকধাৰীয়ে যাদৱৰ কনভয়লৈ লক্ষ্য কৰি গুলীচালনা সংঘটিত কৰে। গুলীচালনাত বিধায়কজন কথমপি ৰক্ষা পৰে যদিও এজন আপ কৰ্মী নিহত হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0