ডিজিটেল ডেস্কঃ মুকলি আকাশৰ তললৈ আহিল ৰাজেশ টলৱাৰ আৰু নুপুৰ টলৱাৰ৷ সোমবাৰে দিনৰ প্ৰায় ১২-৩০ বজাত গাজিয়াবাদৰ দাঞ্চনা জেলৰ পৰা হাতত এটি এটি বেগ হাতত লৈ ওলাই আহে৷ প্ৰায় চাৰি বছৰৰ মূৰকত জেলৰ পৰা দম্পত্তি হাল ওলাই আহে৷ ৰাজেশ টলৱাৰে চাৰ্ট-পেন্ট আৰু নুপুৰ টলৱাৰে চুৰিডাৰ পিন্ধি ওলাই আহে৷
সোমবাৰে পুৱাৰে পৰা দাঞ্চনা জেলৰ সন্মুখত সাংবাদিকৰ ভিৰ লাগে৷ জেলৰ পৰা ওলাই ৰাজেশ-নুপুৰক যথেষ্ট সহজ-সৰল ৰূপত দেখা গৈছিল৷ তেওলোক যিহেতু পেচাত চিকিৎসক হোৱাৰ বাবে তেওলোকে জেলত থকাৰ সময়তে চিকিৎসা সেৱা আগবঢ়াইছিল৷