newsnextone.com | বঢ়মপুৰঃ অৰ্থৰ অভাৱত বহিঃৰাজ্যৰ চিকিৎসালয়ত আজি কেইবাদিনো ধৰি আবদ্ধ হৈ আছে অসমৰ এজন যুৱক। ঘৰলৈ আহিব খুজিও একমাত্ৰ হস্পিতালৰ বিল পৰিশোধ কৰিব নোৱাৰিয়েই বহিঃৰাজ্যৰ চিকিত্সালয়ত আবদ্ধ হৈ থাকিব লগীয়া হৈছে চামগুৰিৰ কনুৱামাৰিৰ মন্নাছ আলী নামৰ যুৱকজন।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুজৰাটৰ পৰা ঘৰলৈ উভটাৰ পথত কোচবিহাৰত ৰহস্যজনক ভাৱে মন্নাছ আলী ৰেলৰ পৰা পৰি গৈছিল। পিছত তেওঁক চিকিত্সাৰ বাবে এখন হস্পিতালত ভৰ্তি কৰোৱা হয়। 

তেতিয়াৰে পৰা মন্নাছ আলী সেই হস্পিতালখনতে আবদ্ধ হৈ আছে। বিল পৰিশোধ নকৰা পৰ্যন্ত হস্পিতাল কৰ্তৃপক্ষই মন্নাছ আলীক ঘৰলৈ আহিবলৈ অনুমতি নিদিয়াত এতিয়া তেওঁৰ দৰিদ্ৰ পৰিয়ালটো বিপাঙত পৰিছে। 

দৰিদ্ৰ পৰিয়ালটোৱে ইয়াৰ বাবে সুহৃদ লোক আৰু চৰকাৰৰ সহায় বিচাৰিছে।