জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডৰ এগৰাকী আছু নেতা যোৱা ১৪ এপ্ৰিলৰ পৰাই নিৰুদ্দেশ হৈ আছিল যদিও অৱশেষত সোমবাৰে পুৱাই আছু নেতাজনৰ মৃতদেহ উদ্ধাৰ হয়৷ জাগীৰোড আছুৰ ক্ৰীড়া সম্পাদক সুমনজিৎ ডেকাৰ (২২) মৃতদেহ সোমাবাৰে পুৱাই কপিলী নৈত জাগীৰোডৰ বাংঠাই গাঁৱত উদ্ধাৰ হয়৷ পুৱাই একাংশ লোকে নৈ খনত ছাত্ৰজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷
জানিব পৰা মতে, গৰু বিহুৰ পুৱাই জাগীৰোড মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ সুমনজিতে কেইবাগৰাকী বন্ধুৰ সৈতে লগলাগি কপিলি নৈত গা ধুবলৈ গৈছিল৷ সমনীয়াৰ সৈতে নৈত নামি স্ফূৰ্তি কৰি গাধুই থকা অৱস্থাত সুমনজিত নৈৰ বুকুত ডুব গৈছিল৷