গোৰেশ্বৰঃ গোৰেশ্বৰৰ ৰাজপথত নিশা চলিল ছাত্ৰ সংগঠনৰ অভিযান৷ সংবাদ মাধ্যমত ঠিকাদাৰ প্ৰভূ আগৰৱালাই বন বিভাগৰ চকুত ধুলি দি ৰাজহ ফাকিৰে ভূটান পাহাৰৰ পৰা নামি অহা নৈৰ শিল-বালি কঢ়িয়াই থকা বুলি প্ৰচাৰ হোৱাৰ পাছতে নিশা গোৰেশ্বৰৰ ৰাজপথত ছাত্ৰ সংগঠনে অবৈধভাৱে শিল-বালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়৷
বাক্সা জিলাৰ গোৰেশ্বৰত ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ চাৰিখনকৈ অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ কৰে গোৰেশ্বৰ আঞ্চলিক আক্ৰাছু আৰু আছুৱে৷ দেওবাৰে নিশা প্ৰায় ১১ বজাত কলাকুছিত সংগঠন দুটাই জব্দ কৰা এই চাৰিখন ডাম্পাৰে শুৱাগপুৰৰ পৰা শিল কঢ়িয়াই দৰং জিলাৰ বিভিন্ন অঞ্চললৈ নিয়াৰ বাবে যোজা চলাওতে জব্দ কৰে৷