Home ৰাজ্যAASUত হঠাৎ কিয় সংঘাত? বয়সেৰে AASUৰ সংবিধানত কোনে কৰিছে আঘাত?

AASUত হঠাৎ কিয় সংঘাত? বয়সেৰে AASUৰ সংবিধানত কোনে কৰিছে আঘাত?

by News Desk
A+A-
Reset
aasu-controversy

আকৌ এবাৰ বিতৰ্কত অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা। এইবাৰ বিতৰ্কই পালেগৈ আদালতৰো মজিয়া। সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য নিলম্বিত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আছুক লৈ শেহতীয়াকৈ সূত্ৰপাত ঘটা কেইবাটাও ঋণাত্মক চৰ্চাৰ মাজতে খোদ এগৰাকী নিলম্বিত ছাত্ৰ নেতাই ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে গৰজি উঠাত সদৌ অসম ছাত্ৰ সন্থাক লৈ উত্থাপিত হৈছে কেইবাটাও প্ৰশ্নৰ। 

আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ পদৰ পৰা নেতৃত্বই অব্যাহতি প্ৰদান কৰাৰ পিছতে ছাত্ৰনেতা দিব্যজ্যোতি মেধিয়ে সংবাদমেল সম্বোধন কৰি আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ বয়স আৰু শিক্ষাক লৈ প্ৰশ্নৰ উত্থাপন কৰে। একাংশ বিষয়ববীয়াই আছুৰ সংবিধান অগ্ৰাহ্য কৰি বছৰ বছৰ ধৰি ছাত্ৰ সংগঠনটোৰ নেতৃত্ব লৈ আহিছে বুলি অভিযোগ তুলি আদালতৰো কাষ চাপিছে দিব্যজ্যোতি মেধি। আদালতে ইতিমধ্যে ২০২২ চনত গঠন হোৱা আছুৰ কেন্দ্ৰীয় সমিতিৰ ৫৫ জন বিষয়ববীয়াৰ বৰ্তমানৰ শিক্ষা আৰু বয়সৰ প্ৰমাণসহ আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে দিব্যজ্যোতি মেধিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0