নলবাৰীঃ নলবাৰী চহৰস্থিত নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান এম এন চি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ সংগঠনক বিধ্বস্ত কৰি জাতীয় সংগঠন আছুই দখল কৰিবলৈ সক্ষম হয়। আজি সন্ধিয়া ঘোষিত ফলাফল অনুসৰি শিক্ষানুষ্ঠান খনৰ নিৰ্বাচনত আছু সমৰ্থিত সাধাৰণ সম্পাদিকা পদত ৰিমজিম ভূঞা, সহ সাধাৰণ সম্পাদিকা পদত ভূপালি বৰ্মন, গুৰু খেল সম্পাদিকা পদত মামনি বেগম আৰু লঘু খেল সম্পাদিকা পদত পূৱালী বৈশ্যই জয় লাভ কৰে।
জয় লাভ কৰা ছাত্ৰী সকলক নলবাৰী আছুৰ কাৰ্যালয়লৈ সমদল কৰি আনি সম্বৰ্ধনা জনোৱা হয়। আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, উপদেষ্টা চন্দন হালৈ, জিলা সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, ছাত্ৰ নেতা শশাংক দত্ত, ভবজিত বেজবৰুৱা, ৰুবুল বৰ্মন, নীলকমল বৰ্মন সহ আছুৰ নেতা-নেত্ৰী সকলে শুভেচ্ছা জ্ঞাপন কৰে।