গুৱাহাটীঃ বিদেশীক বৰপীৰা পাৰি আদৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব আইন সংশোধনৰ তীব্ৰ বিৰোধীতা কৰি আজি আকৌ গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ২৯ টা জাতি-জনগোষ্ঠীয় সংগঠন।
অবৈধ হিন্দু বাংলাদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ এই অসমীয়া জাতিবিৰোধী সংশোধনী বিধেয়কখন কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ’ব বুলি চৰকাৰক সকিয়াই দিয়ে বিভিন্ন জাতীয়তাবাদী দল-সংগঠনবোৰে। অসম চুক্তি ৰূপায়নেৰে অসমৰ জলন্ত বিদেশী নাগৰিকৰ স্থায়ী সমাধান আৰু চিলাপথাৰ কাণ্ডৰ অভিযুক্তসকলৰ কঠোৰ শাস্তিৰ দাবীৰে আজি উত্তাল হৈ পৰে গুৱাহাটীৰ ৰাজপথ।