newsnextone.com | তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱ লোচন দাসে সমষ্টিত উন্নয়ন-পৰিৱৰ্তনৰ শ্ল’গান দি বিধায়ক হোৱাৰ সম্পূৰ্ণ ২৫ মাহ উকলি যোৱাৰ পাছতো ৰঙাপৰা সমষ্টিৰ উন্নয়ন শূন্য বুলি অভিযোগ উত্থাপিত হৈছে৷ কংগ্ৰেছত থকা কালত বিসম্বাদ কৰি সময় পাৰ কৰা মন্ত্ৰী পল্লৱে যোৱা কেইবাটাও মাহ ধৰি সমষ্টিৰ লোকৰ পৰা পলায়ন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ নিজ সমষ্টিৰ বাবে একো নকৰাৰ অভিযোগ উত্থাপন কৰা মন্ত্ৰী পল্লৱে নিজৰ বিভাগো পালনত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ শক্তি মন্ত্ৰিত্বৰ দায়িত্বত থকাৰ কালত বিভাগ চম্ভালিব নোৱাৰাৰ ফলতেই বিদ্যুৎৰ তাঁৰ ছিগি প্ৰায় ৯০গৰাকী লোকৰ মৃত্যু হৈছিল ২০১৭ বৰ্ষত৷

আনহে নালাগে যিটো সমষ্টিৰ লোকৰ ভোট লৈ নিৰ্বাচনত জয়ী হৈ মন্ত্ৰিত্ব লাভ কৰিলে সেই সমষ্টিক এতিয়া ঘুৰি নোচোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ সমষ্টিৰ উন্নয়নৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা স্থানীয় দল-সংগঠন। বালিপৰা উন্নয়ন সমিতি, ৰঙাপাৰা আছু, অসম সেনা, বালিপৰা শাখা ছাত্ৰ সন্থা আৰু বালিপৰা ব্যৱসায় সন্থা আদিয়ে লাহে লাহে ক্ষোভিত হৈ পৰিছে৷ 

যোৱা কেইবাটাও বছৰ ধৰি বৃহত্তৰ বালিপৰা অঞ্চলৰ প্ৰধান সমস্যা বানপানী, গৰাখহনীয়া, জৰাশৰ নৈৰ গড়াখহনীয়া, বালিপৰা অঞ্চলৰ গাঁওসমূহৰ বিধস্ত বাট পথ সমূহৰ উন্নয়ন, বালিপৰা তেজপুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো মেৰামতি কৰাৰ মূল দাবী সমূহ সমাধান কৰিব পৰা নাই মন্ত্ৰীগৰাকীয়ে৷ 

প্ৰতি বছৰে জৰাশৰ, মানশিৰি নৈয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই মন্ত্ৰীৰ৷ নৈৰ তাণ্ডৱৰ বাবে তুপুনি হৰণ হয় শ-শ লোকৰ৷ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বালিপৰা-ৰঙাপাৰাৰ বিভিন্ন এলেকাত জৰাশৰ-মানশিৰি নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। পথ খহাই নিয়াৰ লগতে ঘৰ-দুৱাৰ উটুৱাই নিয়া পৰিলক্ষিত হৈছিল যোৱা বেলি৷

আকৌ নৈত বহু গাঁও জাহ যোৱাৰ উপক্ৰম হৈছে। ইমানৰ পিছতো স্থানীয় বিধায়ক তথা প্ৰশসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জলসম্পদ বিভাগ একপ্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে। শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে বহু গাঁও নৈত বৈ যোৱাটো নিশ্চিত হৈ পৰিছে।

অনতিপলমে উক্ত সমস্যা সমূহ সমাধান কৰাব দাবীত আন্দোলন গঢ়ি তোলে আছুৱে৷ শোণিতপুৰ জিলাৰ বালিপৰা-ৰঙাপাৰা অঞ্চলৰ দীৰ্ঘদিনীয়া বানপানী, গৰাখহনীয়াৰ সমস্যা সমাধানৰ দাবীত বালিপৰাত আছু আৰু অসম সেনাই ২৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে দেওবাৰে। বালিপৰাৰ ৰাইজে প্ৰতিবছৰে জৰাশৰ, মানশিৰি নৈৰ গৰাখহনীয়া, বানৰ তাণ্ডৱৰ ফলত হাহাকাৰ কৰিব লগা হয়৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছতো বালিপৰাবাসীয়ে এই সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে বুলি আছুই অভিযোগ উত্থাপন কৰে। ৰাইজক জীয়াই থাকিব দিয়ক৷ ৰাইজৰ মুখত হাঁহি বিৰিঙাওক৷ ৰাইজৰ সমস্যাবোৰকলৈ প্ৰতিশ্ৰুতি দিয়াতকৈ পালন কৰিবলৈ আৰম্ভ কৰক৷ এই আহ্বান ৰঙাপাৰা আছুৰ৷ সোমবাৰে আছুই ৰাজহুৱা মুণ্ডন কাৰ্যসূচীও গ্ৰহণ কৰিব৷