ৰঙিয়াঃ অসমীয়া জাতীৰ বিপদৰ সময়ত জাতীৰ ওচৰত থিয় দি সক্ৰিয় ভূমিকা পলন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে সততে সৰৱ ভূমিকা পালন কৰি অহা তথা চৰকাৰৰ জনবিৰোধি নীতিৰ বিৰুদ্ধে ৰাজ পথ কপাই আহিছে ছাত্ৰ সন্থাই৷ বিদেশী বহিস্কাৰ, ভাৰত-বাংলাদেশ সীমান্ত ছীল, অবৈধ হিন্দু বাংলাদেশী সংস্থাপন, তৈলক্ষেত্ৰ নিলাম, বৃহ নদীবান্ধৰ বিৰুদ্ধে সততে মাত মাতি অহা সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম ৰঙিয়া আঞ্চলিক সমিতি৷
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া অঞ্চলত সংগঠনক ভেটি অধিক শক্তিশালি কৰাৰ লক্ষ্যৰে বিভিন্ন শাখা সমিতি গঠন কৰি আহিছে৷ ৰঙিয়াৰ আৰিমত্ত বিদ্যাপীঠ হাইস্কুলত অনুষ্ঠিত এখন সভাত উত্তৰ ৰঙিয়া শাখা সমিতিটো গঠন কৰে আঞ্চলিক সমিতিটোৱে৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক বুবুল আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকা, সাধাৰন সম্পাদক নিউটন কলিতা, সহঃ সম্পাদক জয়ন্ত শৰ্মা, উপদেষ্টা তৌফিকুৰ ৰহমান উপস্থিত থাকে৷ উত্তৰ ৰঙিয়া ছাত্ৰ সন্থাৰ সভাপতি ৰমেন শালৈয়ে সভাত উপস্থিত থকা ছাত্ৰ নেতা তথা ছাত্ৰ-ছাত্ৰীসকলক গীত গাই আপ্লুত কৰে।