চাবুৱাঃ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত দুৰ্নীতি ভ্ৰষ্টচাৰ অনীয়মৰ বিৰুদ্ধে অতীষ্ঠ হৈ পৰিছিল অসমৰ ৰাইজ৷ কংগ্ৰেছী মন্ত্ৰী, বিধায়ক, নেতাৰ অহংকাৰ-অতপালিত ৰাইজে পৰিবৰ্তনৰ সপোন দেখিছিল৷ ৰাজ্যৰ ৰাজনীতিত বিকল্প বিচাৰি হায়ৰাণ হৈ পৰিছিল সৰ্বপ্ৰকাৰৰ লোক৷ তাৰ মাজতে জাতীয়তাবাদী, জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক বিকল্প হিচাপে গন্য কৰিছিল ৰাজ্যৰ লাখ লাখ লোকে৷
২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফ মিত্ৰজোঁটক ৰাইজে আকোৱালি লৈছিল বিকল্প হিচাপে৷ হিল-দল ভাঙি আহি অসমীয়াই ভোট দিছিল মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক৷ জাতি, মাটি, ভেটিৰ শ্ল’গান দি নিৰ্বাচনৰ সময়ৰ প্ৰতিখন সভাত উদাত্ত ভাষণ দি জাতীৰ সুৰক্ষা, অস্তীত্ব ৰক্ষা, উন্নয়ণৰ কথা কৈছিল মিত্ৰজোঁটৰ নেতাসকলে৷ ৰাইজে অলেখ সপােন দেখিছিল৷ ৰাজ্যৰ বাট-পথ, স্বাস্থ্য, শিক্ষাৰ উন্নয়ণ হ’ব বুলি ভাবিছিল ৰাইজে৷