গুৱাহাটীঃ সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে আজি ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যাসূচী ৰূপায়ণ কৰি লখিমপুৰৰ বানাক্ৰান্তক সাহায্য দিয়াৰ দাবী জনায়। সংগঠনটোৰ কেইবাশতাধিক কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
অৱস্থান ধৰ্মঘটত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত থাকি ৰাজ্য চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তিৰ মূল্য নুবুজে বুলি অভিযোগ কৰে৷ আনহতে ছাত্ৰ সংগঠনটোৱে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।