মাৰ্ঘেৰিটাঃ ছাত্ৰৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে উজনি অসমৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাদ-বিবাদৰ মাজতে সোমবাৰে প্ৰতিবাদী ছাত্ৰ ওপৰত আৰক্ষীয়ে বৰ্বৰ আক্ৰমণৰ চাঞ্চল্য আজিও অব্যাহত আছে৷
প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক চোৰ-ডকাইটৰ দৰে লাঠিৰে প্ৰহাৰ কৰাৰ লগতে লাঠিৰে কুবাই মুৰ পৰ্যন্ত ফালি পেলায়৷ আৰক্ষীৰ বৰ্বৰ লাঠিচালনাৰ ফলত সংঘাতময় পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোত৷ ঘটনাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷