ৰঙিয়াঃ অসমত স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহত মাতৃভাষা প্ৰৱৰ্তন আৰু কেন্দ্ৰীয় ব’ৰ্ডৰ পৰিৱৰ্তে ৰজ্যিক ব’ৰ্ডৰ দ্বাৰা পৰিচালনা কৰাৰ দাবীত আজি ৰঙিয়াতো আছুই দিনৰ ১১ বজাৰ পৰা ২ বজালৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰি চৰকাৰে মাতৃভাষাক কৰা অপমান সহ্য কৰা ন’হব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে৷
আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে প্ৰতিবাদী কাৰ্যসূচী উপস্থিত থাকি ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন কৰে। অসমীয়া ভাষাটো আদৰ্শ বিদ্যালয়সমূহৰ পৰা যি ধৰণে নাইকিয়া কৰি বিদ্যালয়সমূহ কেন্দ্ৰীয় ব’ৰ্ডৰ অধীনলৈ নিয়াৰ পৰিকল্পনা কৰিছে এনে পৰিকল্পনা আছুৱে কোনো কাৰণতে সফল হ’বলৈ নিদিয়ে বুলি কেন্দ্ৰীয় কাৰ্যালয় সম্পাদকগৰাকীয়ে হুংকাৰ দিয়ে।