Home ৰাজ্যখেতিপথাৰত জলসিঞ্চন ব্যৱস্থাৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

খেতিপথাৰত জলসিঞ্চন ব্যৱস্থাৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

by News Next One
A+A-
Reset

গোৰেশ্বৰঃ ৰাজ্যৰ চৌদিশে এতিয়া খৰাং। খেতিপথাৰত নাই পানী। মূৰে-কপালে হাত দিছে খেতিয়কে।খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত আৰু অকৰ্মণ্য জলসিঞ্চন বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত কৃষক ৰাইজৰ সহযোগত আজি তামুলপুৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আছুৰ শতাধিক কৰ্মীয়ে।

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা মুর্দাবাদ, অসম চৰকাৰ হায় হায়, অকৰ্মণ্য জলসিঞ্চন বিভাগ মুর্দাবাদ, অশোক সিংহল হায় হায়’ আদি ধ্বনিৰে উত্তপ্ত হয় পৰে কাৰ্যালয় চৌহদ। ইপিনে বিয়োগাম বিভাগটোৰ কাৰ্যালয়ত সময়মতে বিষয়া-কৰ্মচাৰী অনুপস্থিত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে আছুৱে।

আজিও বিভাগটোত কেইবাজনো বিষয়া-কৰ্মচাৰী অনুপস্থিতি থকা দেখা যায়। কাৰ্যালয়ত ঘূৰি আছে ফেন, আছে খালী চকী কিন্তু নাই কৰ্মচাৰী।

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0