newsnextone.com | বোকাজানঃ তদানীন্তন কংগ্ৰেছ চৰকাৰ তথা তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দিয়া ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনাই অহাৰ সময়তে সোমবাৰে বিশ্বনাথ জিলাত এটি বিশেষ অনুষ্ঠানত অংশ লবলৈ গৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় বুলি স্পষ্ট কৰে৷ তাৰ পিছতে বিভিন্ন মাধ্যম যোগে মন্ত্ৰীগৰাকী আৰু চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে বিভিন্ন জনে৷ সদৌ অসম ছাত্ৰ সন্থাও উভতি ধৰে চৰকাৰ তথা শিক্ষামন্ত্ৰীক৷

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে এয়া নিৰাশা জনক খবৰ আখ্যা দি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ ওপৰতে ছাত্ৰ-ছাত্ৰী আৰু অসমৰ সমাজ খনৰ ভৱিষ্যত নিৰ্ভৰ কৰা বুলি কৈ সেই কাৰণে ছাত্ৰ সন্থাই চৰকাৰী, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা আৰু মাতৃ ভাষা মাধ্যমৰ ব্যৱস্থাক শাক্তিশালী সৰ্বাংসুন্দৰ ৰূপত গঢ়ি তুলিবলৈ বহু দিনৰ পৰা দাবী জনাই আহিছোঁ বুলি কয়৷ তাৰ বিপৰীতে শিক্ষা ব্যৱস্থাৰ অন্যতম চালিকা শক্তি শিক্ষক-শিক্ষয়িত্ৰীৰ ভৱিষ্যতলৈ অনিশচয়তা আহিছে৷ ইয়ে সামগ্ৰীক ভাৱে শিক্ষা ব্যৱস্থাত বিৰূপ প্ৰভাৱ পেলাব বুলি কয়৷

লুৰিণ জ্যোতি গগৈয়ে কয় ‘‘এয়া কেতিয়াও শিক্ষা ব্যৱস্থাৰ বাবে বিশেষকৈ ৰাজহুৱা শিক্ষা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ বাবে শুক্ষ লক্ষণ নহয়৷ শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্যই অসমৰ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা, পুঁজিৰ যে নিৰাশা জনক অৱস্থা সেই কথা প্ৰমাণ কৰিছে৷ ইমানে দিনে পুঁজিৰ কথাটো স্বচ্ছল বুলি কৈ আহিছিল সেই কথাটো যে নহয় তাৰো প্ৰমাণ কৰিছে৷ ছাত্ৰ সন্থাই এটা কথা স্পষ্টকৈ কও যদি চৰকাৰ খনে অসমৰ সমাজখনৰ, জাতিটোৰ সুৰক্ষিত ভৱিষ্যৎ বিচাৰে তেন্তে শিক্ষা ব্যৱস্থাক সৰ্বাংগ সুন্দৰ কৈ গঢ়ি তুলিব লাগিব৷’’

ইমানে নহয় আছুৰ সম্পাদক গগৈয়ে আৰু কয় যে তাৰ লগে লগে শিক্ষক-শিক্ষয়িত্ৰীৰ নিৰাপত্তা নিশ্চিত হ’ব লাগিব৷ ছাত্ৰ-ছাত্ৰীক শিক্ষা আগবঢ়োৱাৰ বিনিময়ত পাবলগীয়া প্ৰাপ্য প্ৰদান কৰিব লাগিব৷ সেই অধিকাৰৰ পৰা কোনো কাৰণত বঞ্চিত হ’ব নালাগিব শিক্ষকসকল৷ এই ব্যৱস্থা পৰিকল্পিত ভাৱে গঢ়ি তুলবলৈ অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ কোনো কাৰণত যাতে আমাৰ শিক্ষক-শিক্ষয়িত্ৰীসকল অনিশ্চয়তাত থাকিব লগা নহয় তাৰ ব্যৱস্থা কৰিব লাগিব৷ যাতে শিক্ষক-শিক্ষয়িত্ৰীয়ে খোলা মনেৰে অফুৰন্ত ভাৱে ছাত্ৰ-ছাত্ৰীক শিক্ষা দিব পাৰে৷ 

গগৈয়ে আৰু কয় যে ছাত্ৰ-ছাত্ৰীক শিক্ষিত হিচাপে গঢ়ি তুলিবলৈ যাতে তেখেতসকলে আগবাঢ়ি আহিব পাৰে৷ গতিকে শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগিব৷ এয়া চৰকাৰৰ দায়িত্ব৷ তেওঁলোকে মডিলিটি তৈয়াৰ কৰক৷ বহু বিষয় উত্থাপন কৰা হৈছে৷ টেট নাই, উত্তীৰ্ণৰ হাৰ ৫০ শতাংশ হ’ব লাগিব৷ দীৰ্ঘ সময় তেওঁলোকে সেৱা আগবঢ়ালে৷ যিসময়ত শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ আছিল সেই সময়ত এই সকল ঠিকাভিত্তিক শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিদ্যায়তনিক চাহিদা পূৰণ কৰিলে৷ তেনে অৱস্থাত শিক্ষামন্ত্ৰীয়ে কেৱল মাত্ৰ এটা বিবৃতি দি তেখেতসকলক উপেক্ষিত কৰিব নোৱাৰিব৷ 

ইমান দীঘলিয়াকৈ দিয়া সেৱাৰ বিনিময়ত যিসকলৰ যোগ্যতা নাই তেওঁলোকৰ বাবে অথচ বয়স অতিক্ৰম কৰিলে সেইসকলৰ বাবে সুকীয়া মডেলিটি তৈয়াৰ কৰি তেওঁলোকৰ চাকৰি নিয়নীয়াকৰণ কৰিব লাগিব৷ অসমৰ ছাত্ৰ-ছাত্ৰী, ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্ব পূৰ্ণ বিষয়৷ চৰকাৰ একে খনেই, চৰকাৰৰ নীতি চৰকাৰ পৰিৱৰ্তন হলেও সেই বোৰ সলনি হৈ নাথাকে বুলি কয় গগৈয়ে৷ যদি চৰকাৰে সঘনাই নীতি সলনি কৰি থাকে তেন্তে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা হ’ব বুলিও কয় গগৈয়ে৷