গুৱাহাটীঃ অৱশেষত সাৰ পালে শুই থকা নেতাজনে। ভিন্ন দল-সংগঠনে প্ৰতিবাদেৰে ৰাজ্য উত্তাল কৰাৰ পিছতহে চৰকাৰৰ জনস্বাৰ্থ বিৰোধী কাম-কাজৰ বিৰুদ্ধে মাত মাতিবলৈ সময় পালে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
বুধবাৰে শ্বহীদ ন্যাসত এক সংবাদ মেলৰ আয়োজন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভট্টাচাৰ্য। দীনদয়ালৰ নামত মহাবিদ্যালয় নামাকৰণ কৰাতো কোনপধ্যে মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে আছুৰ উপদেষ্টাজনে। ইমানতে ক্ষান্ত নাথাকি সমগ্ৰ ৰাজ্যতে অহা ১৯ ছেপ্তেম্বৰৰ পৰা এমাহযোৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰে ভট্টাচাৰ্যই।