70
দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধ্বস্ত বাট-পথ চলালচল কৰাৰ বাবে অনুপযোগী হৈ পৰিছে৷ ৰাজ্য চৰকাৰৰ হেমাহিৰ ফলতে বাট-পথসমূহ জৰাজীৰ্ণ হৈ পৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ তাৰ মাজতে আজি বাট-পথসমূহ মেৰামতিৰ দাবী জনায় আছুৱে।
সমষ্টিটোৰ অন্তৰ্গত টুমনি-হাজিৰহাট পথ, ফকিৰগঞ্চ-নিদানপুৰ পথ, আইৰকাটা-পোৰাভিটা পথত বানৰ পানীয়ে বুৰাই পেলোৱাৰ ফলত ঠায়ে ঠায়ে দ’ গাত হৈ চলাচলৰ বাবে অনুপযোগী হৈ পৰিছে।