Home ৰাজ্যচৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে আদালতৰ দ্বাৰস্থ হ’ব আছু

চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিলে আদালতৰ দ্বাৰস্থ হ’ব আছু

by News Desk
56 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব বুলি হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মণি মাধৱ মহন্তই। বুধবাৰে বটদ্ৰবা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মণি মাধৱ মহন্তই কয় যে, নাগৰিকত্ব সংশোধী আইনৰ বিৰুদ্ধে আমাৰ আন্দোলন বৰ্তমানেও চলি আছে আৰু ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰি বিদেশী হিন্দু বাংলাদেশী সংস্থাপনৰ যি যোজা চলাই আহিছে আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলও বুলি কৈ আদালতক আদালতৰ দ্বাৰস্থ হোৱাৰ কথা চিন্তা চৰ্চা কৰা বুলি কয়৷ 

সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বটদ্ৰৱাৰ শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বটদ্ৰৱা  আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন কলিতাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বাৰ্ষিক অধিবেশনত মণি মাধৱ মহন্তৰ উপৰিও নগাঁও জিলা সমিতিৰ সভাপতি, অভিজিত দাস, উপ-সভাপতি গৌৰি শংকৰ শইকীয়া, সাংগঠানিক সম্পাদক নৱ জোতি শইকীয়া, ভাৰপ্ৰাপ্ত  সাধাৰণ সম্পাদক, অমৰ জোতি ফুকন, বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়া, শিক্ষক দিপাংক গিৰি দেৱগোস্বামীৰ লগতে বটদ্ৰৱাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0