প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | নামতিঃ গৌৰৱোজ্জ্বল ছশবছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম কীৰ্তিচিহ্ন, অসমবাসীৰ বাবে অতি গৌৰৱ স্বৰূপ চৰাইদেউ মৈদামস্থল। স্বৰ্গদেউসকলৰ পবিত্র সমাধিস্থল এই মৈদামস্থলীত ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিশাল কনভয়সহ গাড়ী সোমোৱায় নি পূৰাতত্ব বিভাগৰ নীতিক উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আটাছুৱে। 

সংগঠনটোৰ শিৱসাগৰ মহকুমা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক উচিয়ান হাজৰিকা আৰু বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰাই ৰাজ্যপালগৰাকীৰ এয়া অক্ষমনীয় অপৰাধ কৰিছে বুলি কয়। 

ৰাজ্যপালগৰাকীৰ এনে কাৰ্যই সমগ্ৰ অসমীয়া জাতিটোৰ স্বাভিমানত আঘাত হনাৰ লগতে আত্মমৰ্যদা লাঘৱ কৰিছে। অসমীয়া জাতিক বিশ্বৰ দৰবাৰত অপমানিত কৰিব বিচৰা কাৰ্যক আটাছুৱে কেতিয়াও সহজভাৱে নলয় বুলিও কয়।

ৰাজ্যপালগৰাকীয়ে সমগ্ৰ অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত আৰু জিলা প্ৰশাসনে যিহেতু নেতৃত্ব দি ৰাজ্যপালক সেই ঠাইলৈ লৈ গৈছে তাৰ বাবে জিলা প্ৰশাসনকো ক্ষমা বিচৰাৰ দাবী জনাইছে সংগঠনটোৱে। যিহেতু তাত এখন ফলক লগাই থোৱা আছে। অন্যাথাই সংগঠনটোৱে সংশ্লিষ্ট সকলোৰে বিপক্ষে আইনী ব্যৱস্থা গ্ৰহণৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সঁকীয়াই দিয়ে সংগঠনটোৱে।