আমগুৰিঃ বতাহ বৰষুণ নাই তথাপিও বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে শিৱসাগৰৰ আমগুৰিৰ জনসাধৰণ৷ আমগুৰিৰ চাহ বাগিচা এলেকাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সাজু হৈ উঠিছে যদিও বিদ্যুতৰ সঘন আহ-যাহে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক৷
একালত ছাত্ৰ আন্দোলন কৰা লোকে এতিয়া চৰকাৰ চলাই থকাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যুতৰ আহ-যাহৰ বাবে হাহাকাৰ কৰিব লগা হৈছে যদিও স্থানীয় বিধায়ক তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত সোমবাৰে ৰাজ পথলৈ ওলাই আহি বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷