আমগুৰিঃ বতাহ বৰষুণ নাই তথাপিও বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে শিৱসাগৰৰ আমগুৰিৰ জনসাধৰণ৷ আমগুৰিৰ চাহ বাগিচা এলেকাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিব লগা ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সাজু হৈ উঠিছে যদিও বিদ্যুতৰ সঘন আহ-যাহে বিপদত পেলাইছে ছাত্ৰ-ছাত্ৰীসকলক৷

একালত ছাত্ৰ আন্দোলন কৰা লোকে এতিয়া চৰকাৰ চলাই থকাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যুতৰ আহ-যাহৰ বাবে হাহাকাৰ কৰিব লগা হৈছে যদিও স্থানীয় বিধায়ক তথা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত সোমবাৰে ৰাজ পথলৈ ওলাই আহি বিদ্যুতৰ যোগান নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

বছৰেকীয়া প্ৰস্তুতিৰ অন্ত পেলাই নিজকে পৰীক্ষাৰ বাবে সাজু কৰি এতিয়া মাথো পৰীক্ষাৰ দিনটোৰ বাবে বাট চাই ৰৈ থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক উৎসাহিত কৰাৰ লক্ষ্যৰে ৰাজ্য একাংশ প্ৰান্তত শৈক্ষিক সভা অনুষ্ঠিত কৰাৰ বিপৰীতে একাংশই পৰীক্ষাৰ্থীসকলৰ বাবে সাব্যস্ত কৰিব লগা হৈছে প্ৰতিবাদ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰি বৰবাম চাহ বাগিচাৰ পৰা ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ জানিব পৰা মতে, পৰীক্ষা ওচৰ চপাৰ সময়তে বাগিচাখনত বিজুলী যোগান সঘনাই ব্যাহত হৈছে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱাত ৮ ফেব্ৰুৱাৰীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ আহ্বান জনাই বাগিচাখনৰ মুখ্য পৰিচালকক৷

পৰিচালকগৰাকীয়ে সমস্যাৰ সমাধানৰ আশ্বাস দিয়াৰ বিপৰীতে সদস্যসকলক ৰুঢ় ব্যৱহাৰ কৰি বিজুলী যোগান ধৰিব নোৱাৰে বুলি অৱগত কৰে। পৰীক্ষালৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত বাগিচা কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তত ক্ষোভিত হৈ সংগঠনটোৱে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে, বাগিচা কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক বিজুলী যোগান ধৰাৰ বিপৰীতে উচ্চ ক্ষমতাসম্পন্ন বিজুলী ব্যৱহাৰ কৰি দৈনিক বাগানলৈ জাঁজী নৈৰ পৰা অবৈধভাৱে পানী যোগান ধৰি থকাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে গুডৰিক কোম্পানীৰ অধীনত থকা বৰবাম চাহ বাগিচাৰ  কামকাজ বন্ধ কৰি দিয়ে৷