কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুয়ে আজি কোকৰাঝাৰ চহৰৰ নিকটৰ ভোটগাঁৱত খাৰবুজা ঘটনাৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
সংগঠনটোৱে গোৱালপাৰাৰ নৰনাৰায়ণ সেতুৰ নিকটৰ খাৰবুজাত কালি অসম আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত বৰ্বৰভাৱে গুলীচালনা কৰাৰ ফলত ইয়াকুব আলী(২২) নিহত হোৱা আৰু কেবাজনো লোক আহত হোৱা ঘটনাক সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে কঠোৰ ভাষাৰে গৰিহণা দি বিজেপি চৰকাৰক মুছলিম বিৰোধী চৰকাৰ আখ্যা দিয়ে। হাতে হাতে বেনাৰ, ফেষ্টুন , প্লেকাৰ্ড লৈ পিকেটিংকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ পিছত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।