61
কোকিলাঃ নামনি অসমৰ এখন গাঁৱৰ নাম আবাদী৷ আবাদী গাঁৱত বিদ্যুৎ আছে কিন্তু পোহৰ নাই৷ বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত কোকিলাৰ সমীপৰ আবাদী গাঁৱত তিনি মাহ আগলৈ বিদ্যুতৰ পোহৰ আছিল যদিও ট্ৰেন্সফৰমাৰ বিকল হোৱাৰ বাবে তিনিমাহ ধৰি এন্ধাৰত থাকিব লগা হৈছে গাঁওখন৷
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত ট্ৰেন্সফৰমাৰৰ বাবে বহুবাৰ আবেদন কৰি ফল নধৰাত আজি খঙত অগ্নিশৰ্মা হৈ পৰে গাঁওখনৰ লোকসকল৷